এপাৰ্ট প্ৰকল্পৰ থলুৱা কৰ্মচাৰীৰ ছাটাই জাননীত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ

পুনৰ ৰাজ্যৰ থলুৱা কৃষক তথা কৃষিখণ্ডক ৰাম টাঙোন অসম চৰকাৰৰ। অসম চৰকাৰৰ সংস্থা অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে ইয়াৰ অন্তৰ্গত “এপাৰ্ট প্ৰকল্প”ত কৰ্মৰত ২৫৮ গৰাকী থলুৱাক চাকৰিৰ পৰা ছাটাই কৰিবলৈ জাননী জাৰি কৰা কাৰ্য্যৰ খবৰ বাতৰি কাকতত প্ৰকাশ হোৱাৰ পিছতে চৰকাৰৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম তৃণমূল কংগ্ৰেছ দলে প্ৰকাশ কৰে যে, কৃষিখণ্ডৰ বৈপ্লৱিক পৰিবৰ্তনৰে এক শক্তিশালী জাতীয় অৰ্থনীতি গঢ়াৰ ব্যাপক সম্ভাৱনা থকাৰ পিছতো এই ক্ষেত্ৰত অসম বা কেন্দ্ৰীয় চৰকাৰৰ কোনো মনোযোগীতা দেখিবলৈ পোৱা নাই

সুৰাৰ ব্যাপক প্ৰচলনৰে জাতীয় অৰ্থনীতি গঢ়িবলৈ তৎপৰ হৈ পৰা বিজেপি চৰকাৰৰ কিন্তু কৃষি খণ্ডৰ বিকাশ সাধনৰে গ্ৰাম্য অৰ্থনীতি গঢ়াৰ ক্ষেত্ৰত আগ্ৰহ শূণ্য। থলুৱা কৃষকৰ ভৱিষ্যতক লৈ চিন্তিত নোহোৱা বিজেপি চৰকাৰ ব্যস্ত পুঁজিপতিকলৈহে । ইতিমধ্যেই দেশত চলি থকা কৃষক আন্দোলন আৰু সেই আন্দোলনত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাই কৃষক তথা কৃষিখণ্ডৰ প্ৰতি বিজেপি চৰকাৰৰ যি মাহী আইৰ দৃষ্টি তাকেই প্ৰতিফলিত কৰিছে। অসমৰ চহা কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বজাৰৰ আন্তঃগাথঁনি সৃষ্টি কৰাৰ লগতে ইয়াৰ সামগ্ৰিক বিকাশৰ কামত নিয়োজিত”এপাৰ্ট প্ৰকল্প”ৰ থলুৱা কৰ্মচাৰী সকলক ছাটাই কৰিবলৈ বিচৰা কাৰ্য্যই বিজেপি চৰকাৰৰ থলুৱা কৃষি উদ্যোগ তথা চহা কৃষক বিৰোধী চৰিত্ৰক প্ৰকাশ কৰি তুলিছে।

অসম তৃণমূল কংগ্ৰেছ দলে এইদৰে থলুৱা কৰ্মচাৰীক ছাটাই কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।

ASSAMINDIAPOLITICALTMC
Comments (0)
Add Comment