অসম ভিত্তিত “ডেজলিং আইকনিক এৱাৰ্ড ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা জিলিকিল অনুপমা নায়ক

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লেপেটকটা চাহবাগিচাৰ কন্যা অনুপমা নায়কে সৌন্দৰ্য প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটীত অনুষ্ঠিত হৈছিল অসম ভিত্তিত “ডেজলিং আইকনিক এৱাৰ্ড ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা।

প্ৰতিযোগিতাত অনুপমা নায়কে অংশগ্ৰহণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লেপেটকটাৰ নিৰ্বাসী শ্যাম নায়কৰ কন্যা অনুপমা নায়ক। অনুপমাই শ্ৰেষ্ঠ সুন্দৰী বঁটা অৰ্জন কৰি বৰবৰুৱাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি শুভাকাঙ্খীসকলে মন্তব্য কৰে।

ASSAMDIBRUGRAHINDIA
Comments (0)
Add Comment