পদিনা পাতৰ উপকাৰিটাৰ বিষয়ে জানেনে

পদিনাৰ দ্বাৰা সহজেই ছালৰ বা চুলিৰ বিভিন্ন সমস্যা নিৰাময় কৰিব পাৰি। পদিনাৰ পাতত এনে কিছু উপাদান আছে যিয়ে খাদ্যৰ অনিয়ম, কম পানী সেৱন আৰু ছালৰ সমস্যাৰ পৰা সহজে সকাহ দিয়ে।

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক কেইটামান পদিনা পাত চোবাই খাব পাৰি।পদিনাৰ পাত খালে ডিঙি আৰু বুকুৰ বিষৰ সমস্যাৰ পৰাও বহু পৰিমাণে সকাহ পোৱা যায়।

ছালত ফোহা ওলোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গা ধোৱা পানীত পদিনা পাত কেইটামান দি গা ধুব লাগে। গা ধোৱাৰ পিছত বজাৰত সহজেই উপলব্ধ হোৱা পদিনাৰ তেল কেইটোপালমান মইশ্ব’ৰাইজাৰৰ লগত মিহলাই ল’লে ছালৰ ৰোগ নহয়।

কিছু সংখ্যক লোকৰ মুখৰ দুৰ্গন্ধ ওলাই। দাঁত বা আঁঠুৰ সমস্যাও বহু ক্ষেত্ৰত দেখা পোৱা যায়। এই সকলোবোৰ সমস্যা নিৰ্মূল কৰিবলৈ পদিনা পাত পানীত তিয়াই সেই পানীৰে মুখখন ধুব পাৰি।

ঠাণ্ডা আৰু গৰম দিনত বহুত মানুহৰ ডিঙিৰ বিষ হোৱা পৰিলক্ষিত হয়। এনে হ’লে গৰম পানীৰ লগত পদিনা তেল কেইটোপালমান মিহলাই গাৰ্গল কৰিলে সকাহ দিয়ে। আৰু এটা সমস্যা হৈছে মাইগ্ৰেইন। শিশুৰ পৰা বৃদ্ধ লৈকে মাইগ্ৰেইন সকলোৰে হ’বলৈ লৈছে। এই সমস্যাটো নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাতি কপালৰ দুয়োফালে পদিনা তেল কেইটোপালমান লগাব লাগে বা ৰুমাল এখন লৈ পদিনাৰ গোন্ধও ল’ব পাৰে।

ASSAMINDIA
Comments (0)
Add Comment