লিচু খাই ভাল পোৱাৰ সকল সাৱধান

গ্ৰীষ্ম কালৰ এবিধ ৰসাল ফল লিচু। লিচু খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। গছত থোপাথোপে লাগি থকা ৰঙীন লিচুৱে মানুহৰ লগতে চৰাই-চিৰিকটি,বাদুলী-বান্দৰকো বাৰুকৈ আকৰ্ষণ কৰে।

গ্ৰীষ্মকালৰ এই ফলবিধত ৮৩ শতাংশ পানী আৰু ১৬.৫ শতাংশ কাৰ্ব থাকে। অৰ্থাৎ ১০০ গ্ৰাম লিচুত প্ৰ’টিন, কাৰ্ব, চেনি, আঁহ আৰু চৰ্বি থাকে। ইয়াৰ উপকাৰিতা যিমান তেনেদৰে আছে অপকাৰিতাও।

গৰমৰ দিনত মধুমেহ ৰোগীয়ে লিচু সেৱন কৰিব নালাগে। ইয়াত শৰ্কৰা (চেনি) ৰ মাত্ৰা অতি বেছি থাকে।

কেঁচা লিচুত হাইপ’গ্লাইচিন এ আৰু মিথাইলিনচাইক্ল’প্ৰপাইল-গ্লাইচিন বুলি দুটা পদাৰ্থ থাকে। ইয়াৰ ফলত খোৱা পাছত ছালত ফোঁহা ওলোৱা, ওঁঠ-ডিঙি ফুলা আৰু বমি-ডায়েৰিয়া আদি সমস্যাও হ’ব পাৰে ।

লিচুত বহু পৰিমাণৰ পটেছিয়াম পোৱা যায়। সেয়ে বৃক্কৰ সমস্যাত ভূগি থকা লোকে লিচু সেৱন কৰিব নালাগে।

লিচুৰ ঠাৰি, পাত আৰু শিপাত অলপ পৰিমাণৰ হাইড্ৰ’চাইয়ানিক এচিড থাকে আৰু সেয়েহে ই বিষাক্ত। লিচুৰ পৰা হ’ব পাৰে এলাৰ্জী। অৰ্থাৎ একাংশ লোকৰ লিচুৰ ফলত এলাৰ্জী হয়। তেওঁলোকে এই ফলবিধৰ পৰা আঁতৰি থাকিব লাগে।

যদি আপুনি অতিৰিক্তভাৱে লিচু খায় কৰে তেন্তে ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা, জ্বৰ, ৰক্তক্ষৰণ, আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু সংক্ৰমণ হ’ব পাৰে।

ASSAMINDIA
Comments (0)
Add Comment