বৰষুণে পণ্ড কৰিব নেকি আজি ভাৰত-পাকিস্তানৰ T-20 বিশ্বকাপৰ মেচ?

টি-২০ বিশ্বকাপত আজি ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচক লৈ ক্ৰীড়ানুৰাগীৰ মজত উত্তেজনা তুংগত। মেচৰ পূৰ্বে চিৰবৈৰী দুয়োটা দলৰে বাঢ়িছে চিন্তা। প্ৰথম চিন্তা হৈছে আমেৰিকাৰ দুৰ্বল পিটচ। ফলত বেটছমেনসকলে কিমান সফলতা লাভ কৰিব পাৰিব সেই লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও উদ্বেগ সৃষ্টি কৰা আন এটা কাৰক হ’ল বতৰ। মেচখনত প্ৰতিকূল বতৰক লৈও সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে।

নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বতৰ বিভাগৰ প্ৰতিবেদন অনুসৰি খেল আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বৰষুণৰ সম্ভাৱনা আছে আৰু সেই বৰষুণ কম বেছি পৰিমাণে নিউয়ৰ্কৰ স্থানীয় সময় অনুসৰি দুপৰীয়ালৈকে চলিব পাৰে।

ASSAMINDIA
Comments (0)
Add Comment