কোন কোনে মোদী মন্ত্ৰীসভাত লাভ কৰিব মন্ত্ৰিত্ব?

কি মন্ত্ৰিত্ব পাব অসমৰ সৰ্বানন্দ সোণোৱালে? তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য। ৰাষ্ট্ৰপতি ভৱনত দেওবাৰে সন্ধ্যা ৭বাজি ১৫ মিনিটত ৰাষ্ট্ৰপতি মুৰ্মূৱে পাঠ কৰাব শপত বাক্য।

মোদীৰ শপত গ্ৰহণ তথা মোদীৰ সৈতে কোনে শপত গ্ৰহণ কৰিব তাক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে।বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতে মোদী মন্ত্ৰীসভাকলৈ স্বাভাৱিকতে বিভিন্ন চৰ্চা চলিছে। কাৰণ এইবাৰৰ নিৰ্বাচনৰ ফলাফলে NDAৰ সহযোগী দল সমূহক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে।

১৬খন আসন লাভ কৰি চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টী আৰু ১২খন আসন লাভ কৰা নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে বিজেপিৰ সৈতে দৰদাম কৰিছে। শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে মন্ত্ৰীসভাৰ বিগ ফ’ৰ নিজৰ হাততে ৰাখিব। অৰ্থাৎ গৃহ, প্ৰতিৰক্ষা, বিত্ত আৰু বৈদশিক মন্ত্ৰালয় বিজেপিয়ে আন সযহযোগী দলক এৰি নিদিব।

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment