ভীমকল শৰীৰৰ বাবে কিমান উপকাৰী

কল এবিধ সহজলভ্য ফল। ইয়াৰ বাকলিয়ে ভিতৰৰ খাদ্য অংশ বীজাণু সংক্ৰমণ নোহোৱাকৈ ৰাখে। কলৰ পুষ্টি প্ৰচুৰ। ইয়াক শৰ্কৰা,কোষবৰ্ধক পদাৰ্থ, প্ৰ’টিন, ভিটামিন,খনিজ লৱণ পোৱা যায়।

কলত যথেষ্ট পৰিমাণে লো আৰু তাম খনিজ লৱণ থাকে সেইবাবে শৰীৰৰ হিমোগ্ল’বিন বৃদ্ধি পায়।এনিমিয়াত ভোগা লোকে নিয়মীয়াকৈ কল খালে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি পায়।হৃদৰোগত ভোগা লোকে নিয়মীয়াকৈ কল খালে যিকোনো ধৰণৰ হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগক পৰাও উপশম পায়। বাত বিষ আৰু সঘনাই ডায়েৰিয়াত ভোগা লোকে কল নিয়মীয়াকৈ খাব পাৰে। মধুমেহ ৰোগীয়ে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কল সেৱন কৰিব লাগে।

পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায়। গৰমত দেহটো শীতল কৰি ৰাখিবলৈ আমি প্লাষ্টিকৰ বটলত থকা ঠাণ্ডা পানী সেৱণ কৰো যিয়ে দেহৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে এটা ভীম কল বা জাহাজী,অমৃত সাগৰ,মালভোগে কলৰ চৰৱতেও গৰমত সকাহ দিব পাৰে। শিশুৰ খাদ্যাভাষটো কল অন্তৰ্ভুক্ত। পকা ভীম কল পিঠা গুৰিৰে ছমাহৰ কেচুঁৱাক খুৱালে শ্ৰীবৃদ্ধি হয়।শিশুৰ পয়ালগাও ভাল হয়। মূলতঃ দিনত এটা বা দুটা কল সেৱনে আপোনাক নিৰোগী কৰি ৰাখিব পাৰে।

ASSAMHEALTHINDIA
Comments (0)
Add Comment