খানকাউন পুলিচ চেক গেটত চম্পাই আৰক্ষীয়ে জব্দ কৰে ৫৬ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰায় প্ৰতিদিনেই ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰে ভাৰতলৈ সৰবৰাহ কৰা হয় কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ।

তাৰ মাজতেই ড্ৰাগছৰ বিৰুদ্ধে খানকাউন পুলিচ চেক গেটত তালাচী চলাই চম্পাই আৰক্ষীয়ে এখন আই টেন বাহনৰ পৰা ১ জব্দ কৰে। বাকচ কেইটাৰ পৰা প্ৰায় ১.৯০২ কেজি হেৰ’ইন জব্দ কৰা হয়।

জব্দ‌কৰা হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য কেইবা কোটি টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে। নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আইজল জোখোৱাথাৰৰ বাসিন্দা লালনুনপুইয়া নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

এই সংক্ৰান্তত চাম্পাই থানাত এটা গোজৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আন এক অভিযানত, লুংলেই জিলা আৰক্ষীৰ বিশেষ শাখাই ফ্ৰান্সিছ লালৰাম থাংগা নামৰ এজন সৰবৰাহকাৰীৰ পৰা ১০ টা হেৰ’ইন ভৰ্তি চাবোনৰ‌ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ১১৬ গ্ৰাম হেৰ’ইন জব্দ কৰা হয় ।

ASSAMINDIA
Comments (0)
Add Comment