দেশজুৰি বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য!

আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰৰ সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

এই মূল্য আজি ৩ জুন, ২০২৪ সোমবাৰৰ পৰা সমগ্ৰ দেশৰ সকলো বজাৰতে কাৰ্যকৰী হ’ব। GCMMFৰ তথ্য অনুসৰি গাখীৰৰ মুঠ কাৰ্যকৰী আৰু উৎপাদন ব্যয় বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা প্ৰতি লিটাৰত সকলো ধৰণৰ আমুল গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰা হৈছে।

GCMMFএ এক বিবৃতিত কয় যে প্ৰতি লিটাৰত ২ টকা বৃদ্ধিৰ অৰ্থ হ’ল MRP ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি, যিটো গড় খাদ্য মুদ্ৰাস্ফীতিতকৈ বহু কম। একে সময়তে GCMMFএ কয় যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমুলে মূল বজাৰত আমুলৰ সতেজ গাখীৰৰ দাম বৃদ্ধি কৰা নাই।

ASSAMINDIA
Comments (0)
Add Comment