আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ!বিৰল মহাজাগতিক দৃশ্য

আজি (৩ জুন) মহাকাশত একে শাৰীতে সৌৰজগতৰ ছটা গ্ৰহ দেখা যাব। মানুহে খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব এই দৃশ্য। যন্ত্ৰৰ সহায়ত অৱশ্যে ইয়াক ভালকৈ চাব পৰা যাব। ভাৰতত ক’ৰ পৰা চাব পৰা যাব এই বিৰল পৰিঘটনা?

বিজ্ঞানীসকলে জনাইছে যে আমাৰ সৌৰজগতৰ ছটা গ্ৰহ ওচৰ চাপি আহিছে। পৃথিৱীৰ পৰা সিহঁতক একে শাৰীতে অৱস্থান কৰা দেখা যাব। মহাজাগতিক ভাষাত এনে পৰিঘটনাক ‘গ্ৰহ প্ৰান্তিককৰণ’ (প্লেনেটাৰী এলাইনমেন্ট) বুলি কোৱা হয়।আজি বুধ, মংগল, বৃহস্পতি, ইউৰেনাছ, নেপচুন আৰু শনি একে শাৰীতে অৱস্থান কৰিব। আচলতে গ্ৰহবোৰ ইটোৱে সিটোৰ ওচৰলৈ নাহে। ইহঁতৰ অৱস্থান এনেকুৱা যে পৃথিৱীৰ প্ৰতি ইহঁতক এডাল ৰেখাত থকা যেন ধাৰণা হয়। ইয়াতেই আচৰিত “দৃশ্যৰ জন্ম” হয়!বিজ্ঞানীসকলে জনোৱা মতে, এই মহাজাগতিক দৃশ্যটো অন্ততঃ অহা এসপ্তাহৰ বাবে দেখা যাব। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য দেখিবলৈ পোৱা যাব। ‘Planetary Alignment’ চাবলৈ সৰ্বোত্তম সময় হ’ল কাহিলী পুৱা। অৰ্থাৎ সূৰ্য্য উদয়ৰ ঠিক আগৰ মুহূৰ্তটো।

ASSAMINDIA
Comments (0)
Add Comment