গোলাঘাটৰ উৰিয়ামঘাটত বিষাক্ত কাঠফুলা খাই অসুস্থ ৮ গৰাকী লোক

বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছে দুটা পৰিয়ালৰ মহিলাসহ ৮ গৰাকী লোক। লোককেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ৭ জন লোকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এজনক যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। এই ভয়ংকৰ ঘটনটো গোলাঘাটৰ উৰিয়ামঘাটত সংঘটিত হৈছে।

খবৰ অনুসৰি, পৰিয়াল দুটাই বাৰীৰ পাছফালৰ পৰা বুটলি অনা কাঠফুলা যোৱা নিশা আহাৰৰ লগত খোৱাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে কাঠফুলা সেৱন কৰা পৰিয়াল দুটাৰ সকলো লোক। চিকিৎসাধীন কেইজন ক্ৰমে উৰিয়ামঘাটৰ জুৰদংলৰ ববিতা খাকলাৰী, চম্পা খাকলাৰী, সীতা খাকলাৰী, মনিষা খাকলাৰী। ইফালে উৰিয়ামঘাটৰ বাগানবাৰীৰ আনটো পৰিয়ালৰ লোককেইগৰাকীৰ নাম ক্ৰমে হিৰা মন গঢ়, মহেশ্বৰ গঢ়, দিলমন গঢ়, লকেশ্বৰী গঢ়।

ASSAMHEALTHINDIA
Comments (0)
Add Comment