বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কলিয়াবৰত আছু ৰ উত্তাল প্ৰতিবাদ

“স্মাৰ্ট মিটাৰ লগালেই নহব বিভাগটোও স্মাৰ্ট হব লাগিব “। ২৪ ঘণ্টাই বিদ্যুৎ যোগান অব্যাহত ৰখা আৰু বিদ্যুৎ মাচুল হ্রাসৰ দাবীত আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কুঁৱৰীটোলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ৰাষ্ট্ৰীয় ঘাই পথত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । শক্তি বিভাগ হাই হাই , অসম চৰকাৰ গ’ বেক , বিজেপি চৰকাৰ মূর্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে ৰাজপথ । প্ৰতিবাদৰ ফলত সাময়িক ভাৱে ৰাজপথত যানবাহনৰ চলাচল বন্ধ হৈ পৰে

Comments (0)
Add Comment