শুকুৰবাৰে মৃত্যু হয় ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ

শুকুৰবাৰে নিশা প্ৰায় ৮.২২ বজাত বাৰ্ধক্যজনিত কাৰণত গীতানগৰৰ নিজা বাসগৃহত মৃত্যু হয় ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিল মৃত হৰেন্দ্ৰ নাথ দাস।

১৯৬১ চনত চাকৰিত যোগদান কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সঞ্চালকৰ পদত সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল। দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়

ASSAMINDIA
Comments (0)
Add Comment