বিশ্বৰ আটাইটকৈ ধনী ভিক্ষাৰীজনৰ নাম কি

ভিক্ষা বিচৰাটো তেওঁৰ বাবে অতি লাভজনক বৃত্তি। এই লাভজনক বৃত্তি গ্ৰহণ কৰি মুম্বাইৰ ভৰত জৈন বিশ্বৰ ভিতৰতে ধনী ভিক্ষাৰী।তেওঁৰ কোনো লাজ, অপমান বা ম্লানতা নাই।

ভিক্ষা বিচৰাটো তেওঁৰ বাবে অতি লাভজনক বৃত্তি। এই লাভজনক বৃত্তি গ্ৰহণ কৰি মুম্বাইৰ ভৰত জৈন বিশ্বৰ ভিতৰতে ধনী ভিক্ষাৰী। তেওঁৰ মুঠ সম্পত্তি প্ৰায় চাৰে সাত কোটি টকা। মুম্বাইৰ বাসিন্দা ৫৪ বছৰীয়া ভৰতে বিগত চাৰিটা দশক ধৰি ভিক্ষা খুজি আহিছে।

কিশোৰ বয়সৰ পৰাই তেওঁ ভিক্ষা খুজি আহিছে। ভৰত ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ৰে’লৱে ষ্টেচন বা মুম্বাইৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু জনবসতিপূৰ্ণ অঞ্চল আজাদ ময়দানত ভিক্ষা খুজিছিল। তেওঁৰ দৈনিক আয় ২ হাজাৰৰ পৰা ২৫০০ টকা। তেওঁ দিনটোত ১০ৰ পৰা ১২ ঘণ্টা ভিক্ষা খুজি ফুৰে। বন্ধৰ দিনাই ভৰত ভিক্ষা খুজিবলৈ ওলাই যায়।

আপুনি জানি আচৰি হ’ব যে মুম্বাইত ভৰতৰ বহুত স্থাৱৰ সম্পত্তি আছে ৷ ভৰতৰ আছে ২ BHKৰ এটা ফ্লেটৰ যিটোৰ বৰ্তমান মূল্য ১.২ কোটি টকা। তাতে পত্নী, দুই পুত্ৰ, ভাতৃ আৰু পিতৃৰ সৈতে থাকে। ভৰতৰ কনভেণ্টত শিক্ষিত ল’ৰা-ছোৱালীয়ে জীৱনত প্ৰতিষ্ঠিত হৈছে। পৰিয়ালটোৰ আন সদস্যসকলে এখন ষ্টেচনাৰীৰ দোকান চলায়। মহাৰাষ্ট্ৰৰ থানে জিলাৰ দুখন দোকানৰ পৰা তেওঁ মাহিলী বৃহৎ পৰিমাণৰ ভাড়াও উপাৰ্জন কৰে।

ASSAMINDIA
Comments (0)
Add Comment