আজি বৌদ্ধ পূৰ্ণিমা

এই দিনটোতেই জন্ম হৈছিল ভগৱান বুদ্ধৰ। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা বুদ্ধৰ জন্মদিনটোতে সমগ্ৰ দেশৰ প্ৰায় কেইখন দেশত পালন কৰা হয় বৌদ্ধ পূৰ্ণিমা।

ভাৰত, জাপান, দক্ষিণ পূব-এচিয়া, চীনকে ধৰি কেইবাখনো দেশত বৌদ্ধ পূৰ্ণিমা যথেষ্ট ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয়। এইবাৰৰ বৌদ্ধ পূৰ্ণিমাৰ শুভ মূৰ্হুত আৰম্ভ হৈছে ২২ মে’ৰ সন্ধিয়া ৬:৪৭ বজাত। এই মূৰ্হুত শেষ হ’ব ২৩ মে’ৰ সন্ধিয়া ৭:২২ বজাত।

এই দিনটোত সিদ্ধি প্ৰাপ্ত হয় আৰু উক্ত দিনটোতে মহাপৰিনিৰ্বাণ প্ৰাপ্ত হয়। আজিৰ দিনটোত বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ কিছুমানে সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্তসকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে।

ASSAMINDIA
Comments (0)
Add Comment