অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে অভিযান ক্ষেত্ৰী আৰক্ষীৰ

আজি দুপৰীয়া অসম-মেঘালয় সীমান্তৱৰ্তী খাচী-জয়ন্তীয়া পাহাৰৰ পৰা জব্দ ৮টাকৈ গো-ধন।

আটক কৰা হয় চাৰি সৰবৰাহকাৰীক

পাহাৰৰ লুঙলুঙীয়া পথেৰে অবৈধভাৱে মেঘালয়লৈ সৰবৰাহ কৰা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গো-ধনসমূহ।

উল্লেখ্য যে এই পথচোৱাৰে দীৰ্ঘদিনৰে পৰা মেঘালয়লৈ গো-সৰবৰাহকাৰীয়ে অবৈধভাৱে গো-সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল ক্ষেত্ৰী আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত অব্যাহত

ASSAMINDIA
Comments (0)
Add Comment