এলাগী নহয় চজিনা পাতঃ মহিলাৰ বাবে মহৌষধ

চুলি সৰা,গালত গুটি ওলোৱা, মাহেকীয়া সময়ত নোহোৱা,মাহেকীয়াত অতিমাত্ৰা পেটৰ বিষ বা বহু দিনলৈ ৰক্তক্ষৰণ হোৱা এই সমস্যাবোৰ আজিকালি নিত্য নৈমত্তিক সাধাৰণ সমস্যা বুলিও একাংশই কব বিচাৰে। কিন্তু এয়া জানো চিন্তাৰ বিষয় নহয় ?

কেতিয়াবা আপুনি ভাবিছেনে বহু টকা খৰছ কৰি দামী দামী চেম্পু ব্যৱহাৰৰ পাছটো আপোনাৰ চুলি সৰা কিয় কমা নাই। নামী কোম্পানীৰ ক্ৰীমে আপোনাৰ শালমইনাৰ সমস্যা কিয় ৰোধ কৰিব পৰা নাই। আপুনি আভ্যন্তৰীণভাৱে কি সমস্যাত ভূগি আছে সেই বিষয়ে আপুনি জনাৰ চেষ্টা কৰিছে নে ?

আপুনি হয়তো অজানিতে শৰীৰত হৰমনৰ বিসংগতিত ভূগি আছে বা শৰীৰত দেখা দিয়া কিছুমান লক্ষণ আপুনি উপেক্ষা বা আওকাণ কৰি আছে। যাৰ ফলত ভৱিষ্যতে আপুনি বহু ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে।

হৰমনবিলাক হ’ল আমাৰ শৰীৰত উৎপন্ন হোৱা কিছুমান ৰাসায়নিক যৌগিক পদাৰ্থ যিয়ে আমাৰ শৰীৰৰ বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়া সমূহ নিয়ন্ত্ৰণ কৰে। যেনে- শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ, কোষৰ বৃদ্ধি আৰু বিকাশ, যৌন ক্ৰিয়া, প্ৰজনন ক্ষমতা হ্ৰাস পোৱা আনকি আমাৰ মানসিক অৱস্থাও এই হৰমনে নিয়ন্ত্ৰণ কৰে। যেতিয়া এই হৰমনবিলাকৰ বিসংগতি বা অসমতুল্যতাৰ সৃষ্টি হয় ইয়াৰ ফলত শৰীৰত বিভিন্ন অস্বাভাৱিক লক্ষণ দেখা দিব পাৰে।

মহিলা সকলৰ মাজত প্ৰায়ে শুনিবলৈ পোৱা এটা সমস্যা হৈছে – PCOD, PCOS বা Hormonal imbalance। হৰমনৰ বিসংগতিৰ পৰা বাচি থাকিবলৈ বা ইয়াৰ পৰা হাত সাৰিবলৈ ঘৰতে আছে উপায়। সকলোৰে পৰিচিত এবিধ পাচলি হৈছে চজিনা। চাজিনাৰ উপকাৰিতাৰ বিষয়ে আমি সকলো জ্ঞাত যদিও চজিনাৰ পাতক বহুতে এলাগি কৰি আহিছে।

চজিনা আৰু পাতত ক্ল’ৰ’জেনিক এচিড থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। লগতে প্ৰয়োজন অনুসৰি কোষবোৰক গ্লুক’জ (চেনি) গ্ৰহণ কৰা বা মুক্ত কৰাটো সহায় কৰে। চজিনা পাতত থকা ইনচুলিনে তেজত শৰ্কৰাৰ পৰিমাণ সন্তুলিত কৰি ৰাখে বাবে মধুমেহ ৰোগীৰ বাবে উপকাৰী।

চজিনাৰ পাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেইবাবে কৰ’না ভাইৰাছৰ লগত যুঁজ দিবলৈ ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ বাবে চজিনা পাতৰ চাহ অতিকৈ লাভদায়ক। চজিনা পাতৰ ৰসৰ লগত তিয়হৰ ৰস মিলাই খালে প্রস্বাবৰ সংক্রমন দূৰ হয়। ঋতুকালিন চর্দি, জ্বৰ, ভাইৰেল সংক্রমণ আদি সমস্যা লাঘৱ কৰে।

চজিনা পাতে পেটৰ বিভিন্ন সমস্যাৰ লাঘৱ কৰে। হজম শক্তি বৃদ্ধি কৰে। কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগা লোকৰ বাবে লাভদায়ক। লগতে প্ৰচুৰ পৰিমাণে আইৰণ আছে বা ৰক্তহীনতাত ভুগি থকা লোকে খাব লাগে।

চজিনা পাতে শৰীৰৰ বেয়া কলেষ্টেৰল বাহিৰ কৰি, হৃদ ৰোগৰ সমস্যা দূৰ কৰে। কেন্সাৰৰ কোষ সমূহ ধ্বংস কৰে। লগতে নিয়মিত ভাবে খাই থাকিলে মগজু সক্রিয় হৈ থাকে।

চজিনা পাতে দাঁত, হাড়, মাংসপেশী মজবুত কৰি ৰাখে। দাঁতৰ বিষ, পায়েৰীয়া আদিতো চজিনা পাত উপকাৰী। পানীত সিজাই ঠাণ্ডা কৰি সেই পানীৰে কুলি কৰিলে লাগে।

চজিনাৰ পাত বটি বা শুকান গুড়ি গোলাপ জলৰ লগত সানিলে মুখৰ কলা দাস, শালমন, ৰদে পোৰা দাগ আদি নাইকিয়া হয়। মুখলৈ উজ্জ্বলতা আনে।চজিনা পাতৰ ৰসে চুলিৰ বিভিন্ন সমস্যা ৰোধ কৰে। কৃমি হ’লে চজিনা পাতৰ ৰস খাব লাগে।

ASSAMguwahatiINDIA
Comments (0)
Add Comment