মহাৰাষ্ট্ৰত হ্ৰাস পাইছে ভোট দানৰ হাৰ !

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দিনৰ ১ বজালৈকে মহাৰাষ্ট্ৰৰ ১৩ টা সমষ্টিৰ ভোটগ্ৰহণৰ হাৰে এতিয়া এনে কিছু প্ৰশ্নৰ সৃষ্টি কৰিছে।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দিনৰ ১ বজালৈকে মহাৰাষ্ট্ৰৰ ১৩ টা সমষ্টিৰ ভোটগ্ৰহণৰ হাৰে এতিয়া এনে কিছু প্ৰশ্নৰ সৃষ্টি কৰিছে।

কেৱল আজিয়েই নহয়, ইয়াৰ পূৰ্বৰ ভোটগ্ৰহণৰ পৰ্যায়তো মহাৰাষ্ট্ৰত ভোটাধিকাৰৰ হাৰ আশাব্যঞ্জক নাছিল। আজি দিনৰ ১ বজালৈকে ৰাজ্যখনৰ মুঠ ৮ টা সমষ্টিৰ ভিতৰত ২ টা সমষ্টিতহে ৩০ শতাংশৰ অধিক ভোটগ্ৰহণ সম্পন্ন হোৱাৰ বিপৰীতে বাকী আটাইকেইটা সমষ্টিতে ভোটদানৰ হাৰৰ বহু কম।

ৰাজ্যখনৰ কল্যাণ সমষ্টিত ১ বজালৈকে ভোটৰ হাৰ মাত্ৰ ২২.২৫ শতাংশ। দক্ষিণ মুম্বাই সমষ্টিত ভোটদানৰ হাৰ ২৪.৪৬ শতাংশ। থানে সমষ্টিত ২৬.০৫ শতাংশ, উত্তৰ মুম্বাই সমষ্টিত আকৌ ভোটদানৰ হাৰ ২৬.৭৮ শতাংশ। সেইদৰেই মুম্বাই দক্ষিণ মধ্যত ২৭.২১ শতাংশ, ভিৱাণ্ডি সমষ্টিত ২৭.৩৪ শতাংশ, মুম্বাই উত্তৰ মধ্য সমষ্টিত ২৮.০৫, মুম্বাই উত্তৰ পশ্চিমত ২৮.৪১ শতাংশ, নাছিকত ২৮.৫১ শতাংশ, ধোলে সমষ্টিত ২৮.৭৩ শতাংশ, মুম্বাই উত্তৰ পূবত ২৮.৮২ শতাংশ। পালঘৰ সমষ্টিত ৩১.০৬ শতাংশ আৰু দিন্দৰীত ৩৩.২৫ শতাংশ ভোটদান হৈছে।

কেৱল মহাৰাষ্ট্ৰই নহয় এইবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা আন কেইবাখনো ৰাজ্যত ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰক বাদ দি বাকী কেইখন ৰাজ্যত ক্ৰমে বিহাৰত ৩৪.৬২ শতাংশ, জম্মু আৰু কাশ্মীৰত ৩৪.৭৯ শতাংশ, ঝাৰখণ্ডত ৪১.৮৯ শতাংশ, লাডাখত ৫২.০২ শতাংশ, উড়িষ্যাত ৩৫.৩১ শতাংশ,উত্তৰ প্ৰদেশত ৩৯.৫৫ শতাংশ আৰু পশ্চিমবংগত ৪৮.৪১ শতাংশ।

বৰ্তমানলৈকে ভোটদানৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰক বাদদি বাকী কেইখন ৰাজ্যত ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰা লৈকে ভোটদানৰ হাৰ ৬০/৭০ শতাংশ অতিক্ৰম কৰি পূৰ্ণ সম্ভাৱনা আছে। কিন্তু মহাৰাষ্ট্ৰত আজিৰ ভোটদানৰ হাৰ কোনো এটা সমষ্টিতে যে ৭০ শতাংশ স্পৰ্শ কৰিব তাত সন্দেহ হয়। বিশেষকৈ কল্যাণ, দক্ষিণ মুম্বাই, থানে আদি সমষ্টিত ভোটদানৰ হাৰ ৬০ শতাংশও নোহোৱাৰ সম্ভাৱনাই অধিক।

ASSAMINDIA
Comments (0)
Add Comment