একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

ইন্দোৰৰ ঘাটাবিলাউডৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিশাৰ ভাগত আৰক্ষীয়ে এই দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত এম পি ৪৩ বি ডি ১০০৫ নম্বৰৰ বাহনখনত ৯ জন লোক আছিল।

দুৰ্ঘটনাটোত বাহনখন তীব্ৰ বেগত আছিল, কিন্তু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা বালিৰে ভৰ্তি এখন ডাম্পাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই বিপজ্জনক আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে থেঁতেলা খাই, যাৰ ফলত বাহন খনৰ ভিতৰতে আৱদ্ধ হৈ পৰে ৯গৰাকী লোক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৰাইজৰ সহায়ত ৯জনকে উলিয়াই আনে। কিন্তু ১ জনৰ বাহিৰে বাকি ৮ জনেই প্ৰাণ হেৰুৱাই সেই স্থানতে।

accidentASSAMINDIA
Comments (0)
Add Comment