মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি

মাজুলীৰ আউনীআটী মণি কাঞ্চন ৰংগক্ষেত্ৰত কেন্দ্রীয় মুকলি বিহুত উত্তপ্ত পৰিস্থিতি। চুক্তিমতে ধন দিব নোৱাৰা বাবে বহু পলমকৈ অনুষ্ঠিত হয় মানস ৰবীনৰ সংগীতানুষ্ঠান। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু আউনীআটিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কেন্দ্ৰীয় মুকলি বিহুত আছিল মানস ৰবীনৰ সংগীতানুষ্ঠান।

কিন্তু উদ্যোক্তাই চুক্তি কৰিও দিবলগীয়া ধন দিব নোৱাৰা বাবে বহু পলমকৈ অনুষ্ঠিত হ’ল মানস ৰবীনৰ সংগীতানুষ্ঠান। মানস ৰবীনৰ মঞ্চত নুঠা বাবে উভতি গ’ল সমবেত বহু দৰ্শক

একাংশ দৰ্শকে বহু সময় অপেক্ষাৰ পিছতো অনুষ্ঠান আৰম্ভ নোহোৱাত পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চুক্তি অনুসৰি ধন দিব নোৱাৰিলেও শেষত ১ বজাত মঞ্চত উঠি গীত পৰিৱেশন কৰে মানস ৰবীনে।

কমিটীয়ে চুক্তিমতে ধন দিব নোৱাৰাত অৱশেষত কমিটীৰ এজন সদস্যই নিজৰ মাতৃৰ পেঞ্চন একাউণ্টৰ এখন চেক কণ্ঠশিল্পীগৰাকীক দিবলৈ আনিছিল।

ASSAMINDIAmajuliMANASHRABIN
Comments (0)
Add Comment