IPLৰ বাবে উৎকণ্ঠা ক্ৰিকেট অনুৰাগী। দুখনকৈ মেচ অনুষ্ঠিত হ’ব গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত

১৫ আৰু ১৭ মে’ত গুৱাহাটী হ’ব নেকি বৰষুণ? IPLৰ ১৭সংখ্যৰ সংস্কৰণৰ মাত্ৰ কেইখনমান মেচহে বাকী আছে। লীগ পৰ্যায়ৰ শেষৰ ফালৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। লীগ পৰ্যায়ৰ ৬৫ নম্বৰ আৰু ৭০ সংখ্য মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত। দ্বিতীয়বাৰলৈ গুৱাহাটীত IPL চোৱাৰ বাবে উৎকণ্ঠ বৃদ্ধি পাইছে ক্ৰিকেট অনুৰাগীৰ। লীগৰ ৬৫ নম্বৰ মেচত সমুখসমৰত নামিব চেম কৰণ নেতৃত্বাধীন পঞ্জাৱ কিংছ আৰু ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। আনহাতে লীগৰ ৭০ নম্বৰ মেচত মুখামুখি হ’ব ঘৰুৱা দল ৰাজস্থান আৰু শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইৰ্ডাৰছ।

বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া খবৰ অনুসৰি ১৫ মে’ত কামৰূপ মহানগৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ১৫ মে’ত গুৱাহাটীত কিছু কিছু বৰষুণৰ লগতে ঢেৰেকণি অহাৰ সম্ভাৱনা আছে।

ASSAMCRICKETINDIA
Comments (0)
Add Comment