“এক দেশ-এক জ্যোতিষীৰ ভূমিকাত দেশৰ প্ৰধানমন্ত্ৰী”- ৰিপুণ বৰা

“বিজেপিয়ে দেশৰ গণতন্ত্ৰক দোকানৰ পণ্য সামগ্ৰীত পৰিণত কৰিলে”

“এক দেশ-এক জ্যোতিষীৰ ভূমিকাত দেশৰ প্ৰধানমন্ত্ৰী”- ৰিপুণ বৰা।

গুৱাহাটী, ৯ মে’, ২০২৪ঃ- তিনিটা পৰ্য্যায়ত অসমত সমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ অন্তত আজি জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে। বৰাই উক্ত সংবাদমেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক ভোটদান প্ৰক্ৰিয়াত বিপুল হাৰত যোগদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰে কিদৰে ধনৰ বলেৰে নিৰ্বাচনী প্ৰচাৰৰ নামত দেশৰ গণতন্ত্ৰক ভেঙুচালি কৰিলে সেই সন্দৰ্ভতো সৰৱ হয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকী।

সভাপতি ৰিপুণ বৰাই কয় যে, – “এইবাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত ভোটদানৰ হাৰ তুলনামূলক ভাৱে বৃদ্ধি পাইছে। এই ৰাইজে পৰিবৰ্তনৰ স্বাৰ্থতেই দলে বলে ভোটদান কৰিছে। তেওঁলোকে বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ নামত ভয়-ভাবুকিৰ লগতে ধনবল-বাহুবলৰ প্ৰয়োগেৰে নিৰ্বাচন জয় কৰিব বিচাৰিলে। নিৰ্বাচনৰ এদিন পূৰ্বে গাঁৱে-ভুঞে অৰুনোদয়ৰ প-পত্ৰৰ নামত বিজেপিৰ চিহ্ন সংলগ্ন প-পত্ৰ বিতৰণ কৰি থকা পৰিলক্ষিত হ’ল। বাৰম্বাৰ অভিযোগৰ পিছতো চৰকাৰ-প্ৰশাসন আনকি নিৰ্বাচনী আয়োগেও ইয়াৰ বিৰূদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। নিৰ্বাচনৰ আগদিনা টকাৰ প্ৰলোভনেৰে বিজেপিয়ে ভোটৰ কিনা-বেচাত লাগিল। দেশৰ গণতন্ত্ৰক দোকানৰ পণ্য সামগ্ৰীত পৰিণত কৰিলে। দেশত বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰান বিচাৰি এইসময়লৈকে ৰাইজে ভোটদান কৰাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাইজৰ জনাদেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি যি, “ইচ বাৰ ৪০০ পাৰ” শীৰ্ষক শ্লোগান দিলে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে এক দেশ এক জ্যোতিষীৰ ভূমিকাত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হ’ল। আমাৰ বিশ্বাস অহা ৪ জুনত বিজেপিয়ে এই সকলো অপকৰ্মৰ উচিত প্ৰত্যুত্তৰ পাব আৰু দেশৰ জনসাধাৰণে পৰিবৰ্তনৰ যোগেদি এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হ’ব।

ASSAMINDIATMC
Comments (0)
Add Comment