আইপিএলৰ পৰা বিদায় ললে ৪টা দলৰ!

কোন কোন দলে প্লে অফত উপনীত হ’ব পাৰে আৰু কোন কোন দলে আইপিএলৰ পৰা বাহিৰ হ’ব।

২২ মাৰ্চত আৰম্ভ হৈছিল আইপিএল ২০২৪। চাওঁতে চাওঁতে লীগ পৰ্বৰ খেল প্ৰায় শেষ পৰ্যায়ত। প্ৰতিটো দলৰ আৰু তিনিখনকৈ মেচ বাকী।

বৰ্তমান লীগ টাবুললৈ চালে যেখা গৈছে যে কেকেআৰ আৰু ৰাজস্থানৰ ১৬ পইণ্ট হৈছে। ৩খন মেচৰ পূৰ্বেই কাৰ্যতঃ নিশ্চিত প্লে অফৰ টিকট। আৰু এখন জিকিলে সম্পূৰ্ণ নিশ্চিত।

কিন্তু চাৰিটা দলৰ এইবাৰৰ আইপিএল সম্ভৱত শেষ। আৰচিবি, পঞ্জাব, গুজৰাট আৰু মুম্বায়ে নিজৰ বাকী থকা আটাইকেইখন মেচ জিকিলেও ১৬ পইণ্ট কৰিব নোৱাৰিব।মুম্বায়ে ১২ পইণ্টৰ বেছি কৰিব নোৱাৰিব। ফলত খুব কঠিন অংকৰ বিচাৰত এই চাৰিটা দলৰ হাতত প্লে অফলৈ যোৱাৰ সুযোগ থাকিলেও সেয়া একপ্ৰকাৰ প্ৰায় অসম্ভৱ।

ASSAMINDIAIPL
Comments (0)
Add Comment