কোভিশ্বিল্ড কিমান বিপদজনক? বিশেষজ্ঞ পেনেল গঠনৰ আবেদন উচ্চতম ন্যায়ালয়ত

ভাৰতত কোভিশ্বিল্ড নামেৰে এষ্ট্ৰাজেনেকাৰ ভেকচিনটোৰ ইয়াৰ ভেকচিন ড’জে বিৰল ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এই খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কাৰণ ভাৰতৰ বেছিভাগ মানুহেই এই ভেকচিন গ্ৰহণ কৰিছিল। এনে পৰিস্থিতিত এইবাৰ উচ্চতম ন্যায়ালয়তো ৰুজু কৰা হৈছে গোচৰ। উচ্চতম ন্যায়ালয়ক কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে অবেদন জনোৱা হৈছে।

বিশাল তিৱাৰী নামৰ এজন অধিবক্তাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁ কোভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ লগত জড়িত বিপদৰ মূল্যায়নৰ বাবে চিকিৎসকৰ বিশেষজ্ঞ পেনেল গঠন কৰিবলৈ দাবী জনায়।

ASSAMCOVIDINDIA
Comments (0)
Add Comment