কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ পাছতে স্পষ্টীকৰণ দিছে অৰবিন্দৰ সিং লাভলীয়ে

কোনো ৰাজনৈতিক দলত যোগদান নকৰে জনাই সদ্য পদত্যাগী নেতাগৰাকীয়ে। কেৱল কেজৰিৱালৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰজোঁটৰ বিৰোধিতাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰা বুলি স্পষ্ট কৰে অৰবিন্দৰ সিং লাভলীয়ে।

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক দিয়া পদত্যাগ পত্ৰত লাভলীয়ে আপৰ কেবাগৰাকী মন্ত্ৰীক ভ্ৰষ্টাচাৰৰ বাবে জেললৈ প্ৰেৰণ কৰা কথা উল্লেখ কৰে।তেওঁ কয় যে,দিল্লী কংগ্ৰেছ কৰ্মীৰ হিতাৰ্থে কাম কৰিব নোৱাৰাৰ বাবে তেওঁ পদত্যাগ কৰিছে।

অৰবিন্দৰ সিং লাভলীয়ে লগতে উল্লেখ কৰে যে, আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ অভিযোগ অনা পাছতো দলে আপৰ সৈতে মিত্ৰজোঁট কৰিছে। দিল্লী কংগ্ৰেছ সন্থাই উক্ত দলটোৰ বিৰোধিতা কৰিছিল বুলিও কয় লাভলীয়ে।

ASSAMcongressDelhiINDIAPOLITICAL
Comments (0)
Add Comment