ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰোল বল চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলৰ খিতাপ দখল ঃ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট ল’ৰাৰ দল

গুৱাহাটী, ২৮ এপ্ৰিল ঃ দেৰাডুনত অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত অসম ছোৱালীৰ দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । ২৮ এপ্ৰিল, দেওবাৰে চূড়ান্ত খেলখনত অসমৰ ছোৱালী দলে তামিলনাডুক ৯-৩ গ’লত পৰাস্ত কৰে । অসমৰ হৈ অধিনায়ক নম্ৰতা কৈৰীয়ে ৪ টা, শ্ৰীনিকা (কুকি) মজুমদাৰ আৰু মিছকা সিংঘালে ২ টাকৈ আৰু কৃষ্টি চহৰীয়াই ১ টা গ’ল স্ক’ৰ কৰে । ছেমি ফাইনেলত অসমৰ ছোৱালীয়ে ছত্তীশগড়ক ৭-৩ গ’লত , কোৱাৰ্টাৰ ফাইনেলত পুনেৰ আৰ এছ এছ এ অৰ্থাৎ ৰোলাৰ স্পৰ্টছ এণ্ড ছচিয়েল একাডেমীক ৫-০ গ’লত পৰাস্ত কৰে ।
ইফালে, লীগ মেচৰ ছোৱালী শাখাত অসমে জম্মু-কাশ্মীৰক ৩-১, পঞ্জাৱক ১১-১, দমন আৰু ডিউক ১০-০, তামিলনাডুক ৫-০ আৰু উত্তৰ প্ৰদেশক ৬-২ গ’লত পৰাস্ত কৰিছিল ।
ল’ৰাৰ শাখাত অসমে ছেমি ফাইনেলত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৩-১১ গ’লত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকেৰে সন্তুষ্ট থাকে । কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল’ৰাৰ দলে তামিলনাডুক ৪-৩ গ’লত পৰাস্ত কৰে ।

      অসমৰ লগতে লাডাখ, পুডুচেৰী আদিকে ধৰি অসংখ্য ৰাজ্যিক দলৰ অংশগ্ৰহণেৰে ২৫ এপ্ৰিলৰ পৰা এই মনোমোহা অনুষ্ঠানৰ ১৬ সংখ্যক সংস্কৰণ আৰম্ভ হয় ।  এইবাৰ ল’ৰাৰ শাখাত মুঠ ২৮ টা আৰু ছোৱালীৰ ২৪ টা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ।

           এই বাতৰি  নিশ্চিত কৰি অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে ভবিষ্যতে অসম দলসমূহৰ পৰা উজ্জীৱিত প্ৰদৰ্শন আশা কৰিছে ।  ল’ৰাৰ শাখাত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতো দুয়োটা দলে লক্ষ্যণীয় দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি চেম্পিয়নশ্বিপত তেওঁলোকৰ দমনীয় প্ৰদৰ্শনেৰে বহুতকে অনুপ্ৰাণিত কৰিছে ।
ASSAMINDIA
Comments (0)
Add Comment