গৰ্ভাৱস্থাত মহিলাই কি কি খাব নালাগে

কিছুমান পাচলিয়ে গৰ্ভৱতী মহিলাগৰাকীৰ বহু ক্ষতি কৰিব পাৰে। গৰ্ভাৱস্থাত কোনবোৰ পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক

অমিতা – গৰ্ভাৱস্থাত অমিতা খাব নালাগে। কিয়নো অমিতাত থকা কিছুমান উপাদানৰ ফলত জৰায়ুত সংকোচন হ’ব পাৰে, যাৰ ফলত মহিলাগৰাকী বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে

তিতা কেৰেলা – তিতা কেৰেলাত কুইনাইন, গ্লাইকোচাইড, মৰ্ডিকাৰ দৰে বহুতো উপাদান থাকে, যি শৰীৰলৈ যোৱাৰ পিছত মৃদু বিষাক্ত প্ৰভাৱ পেলাব পাৰে। যাৰ ফলত আপুনি ভাগৰ, পেটৰ বিষ, অতিৰিক্ত ভোক লগা, শৰীৰৰ বিষ, চকুৰে অস্পষ্ট দেখা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

বেঙেনা- গৰ্ভৱতী মহিলাসকলে বেঙেনাও খাব নালাগে।অতি পুষ্টি সম্পন্ন বেঙেনাত ছাইট হৰমন থাকে, যি ঋতুস্ৰাৱ হোৱাত সহায় কৰে।সেয়েহে, গৰ্ভাৱস্থাত বেঙেনা একেবাৰেই খাব নালাগে।তদুপৰি, বেঙেনা খোৱাৰ ফলত এলাৰ্জিৰ সমস্যা হ’ব পাৰে

বন্ধাকবি – গৰ্ভাৱস্থাত বন্ধাকবি খোৱাটোও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে।ইয়াত চেনী যথেষ্ট বেছিকৈ থাকে।

কেঁচা পাচলি- গৰ্ভৱতী মহিলাসকলক বিশেষজ্ঞসকলে কেঁচা পাচলি নাখাবলৈ পৰামৰ্শ দিয়ে। যেতিয়াই আপুনি পাচলি আৰু ফল খায়, আগতে সেইবোৰ ভালদৰে ধুইহে খাব

ASSAMHEALTHINDIA
Comments (0)
Add Comment