শৰীৰটোক ঠাণ্ডা কৰিবলৈ কি কি খাদ্য খাব লাগিব ? 

সতেজ ফল

তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে,যিয়ে আমাৰ শৰীৰটোক হাইড্ৰেটে[ হৈ থকাত সহায় কৰে।আনহাতে, নেমু, আঙুৰ, আম, কমলা, আনাৰস, ষ্ট্ৰবেৰী আৰু বিলাহীৰ দৰে নেমুজাতীয় ফলবোৰত ভিটামিন চি আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টি যেনে এ, বি, ই আৰু কে থাকে।সেয়েহে গৰমৰ দিনকেইটাত আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰিবলৈ আপুনি এইসমূহ ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

ছ’য়াবিন

গ্ৰীষ্মকালত মাংস খোৱা কমোৱাটো খুবেই দৰকাৰ। কিয়নো মাংস হজমৰ সময়ত শৰীৰত অধিক তাপ উৎপন্ন হয় আৰু শৰীৰটোক গৰম কৰি তোলে। ই অত্যাৱশ্যকীয় খনিজ, প্ৰ’টিন আৰু বি ভিটামিনেৰে সমৃদ্ধ। 

তিয়ঁহ

এইবিধ গ্ৰীষ্মকালীন ছুপাৰফুড ৯৬ শতাংশ পানীৰে গঠিত।তিঁয়হ আমাৰ শৰীৰৰ বাবে এক তাৎক্ষণিক হাইড্ৰেটৰ হৈ পৰে। ১০০ গ্ৰাম তিয়ঁহত মাত্ৰ ১৬ কেলৰি থাকে আৰু ই প্ৰচুৰ আঁহসমৃদ্ধ

ডিমৰু

গ্ৰীষ্মকালত ডিমৰু খোৱাটোও স্বাস্থ্যৰ পক্ষে খুব লাভজনক।ডিমৰু হৈছে কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ এক ভাল উৎস।হাড়ৰ বাবেও ডিমৰু খোৱাটো ভাল।

ASSAMHEALTHINDIA
Comments (0)
Add Comment