শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত পথ দুৰ্ঘটনা নিহত কনিষ্টবল গোপাল চন্দ্র চৌধুৰী

নিৰ্বাচনৰ দায়িত্ব সামৰি অহাৰ পথত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ।

শৰাইঘাট দলঙৰ সমীপত হোৱা এই দুৰ্ঘটনাৰ ফলত নিহত অসম আৰক্ষীৰ কনিষ্টবল গোপাল চন্দ্র চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে জালুবাৰীৰ আৰক্ষীয়ে

accidentASSAMINDIA
Comments (0)
Add Comment