বানৰ পাছত দিখৌৰ এক সেউজীয়া প্ৰাকৃতিক দৃশ্য

বেলি মাৰ যোৱা কিছু পৰৰ আগতে কুলি চৰাই মাত আৰু নানা চৰাই চিৰিকটি সু-মধুৰ মাতে ৰজনজনাইছে হাতীখোঁক গাঁৱৰ দিখৌ নৈৰ পাৰ |

হাতীখোঁক-ঢাইআলি নৈৰ গৰাত প্ৰকৃতিক বুকুৰ পৰা প্ৰায়ে হেৰাই যাৱ ধৰা দুষ্প্ৰাপ্য বৰটোকোলা চৰাই দিখৌ নৈৰ ডুবি সমূহৰ কাষৰ বালিচৰত বহি খাদ্যৰ সন্ধানত সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে |

কি যে এক মনোমোহা পৰিবেশ |

লগতে দেখা পোৱা গৈছে হাতীখোঁক দিখৌ নৈৰ পাৰে-পাৰে বৃহৎ আকাৰৰ দুষ্প্ৰাপ্য বৰটোকোলা চৰাই আশ্ৰয়স্থল হিচাপে থকা শিমলু গছ সমূহ |

এই শিমলু গছ সমূহত লগা (কল) অথবা ফুল তথা কপাহ সমূহ উৰি-উৰি বহু দূৰ দূৰণিলৈকে কঢ়িয়াই নিছে বহাগ আৰু নতুন বছৰৰ বতৰা |

যি সময়ত এচাম অসাধু লোকে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি বন বিভাগৰ ৰোষত পৰি আহিছে |

থিক তেনে সময়ত জয়সাগৰৰ হাতীখোঁক গাঁৱৰ ৰাইজে দুষ্প্ৰাপ্য বৰটোকোলা চৰাই আৰু শিমলু গছ সংৰক্ষণ কৰি ডাঙি ধৰিছে মনৱতাৰ এক জটিল নিদৰ্শন |

ASSAMINDIA
Comments (0)
Add Comment