অভিনেতা ছলমান খানৰ বাসগৃহৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা

বলিউড ছুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ সন্মুখত দেওবাৰে গুলীচালনাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে বাইকত অহা দুই দুৰ্বৃত্তই দেওবাৰে পুৱা প্ৰায় ৫ বজাত গুলীচালনাৰ ঘটনা সংঘটিত কৰে। এই ঘটনাক লৈ মুম্বাইৰ বান্দ্ৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

গুলীচালনাত হতাহত হোৱা নাই কোনো লোক। এই ঘটনাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

স্থানীয় লোকে জানিব দিয়া মতে পুৱা দুই অজ্ঞাত লোকে বাইকেৰে আহি ছলমান খানৰ গেলেক্সী এপাৰ্টমেন্টক লক্ষ্য় কৰি ৪ জাই গুলী ফুটায়। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই যে গুলীচালনাৰ সময়ত ছলমান খান ঘৰত আছিল নে নাই।

উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি ছলমান খান আৰু তেওঁৰ পিতৃ ছলিম খানৰ বিৰুদ্ধে হত্যাৰ ভাবুকি উত্থাপন হৈ আহিছে।

BollywoodINDIA
Comments (0)
Add Comment