আজি পবিত্ৰ ঈদ-উল-ফিটৰ, দেশজুৰি ইছলাম ধৰ্মালম্বীসকলৰ মাজত ব্যাপক উছাহ

আজি পৱিত্ৰ ঈদ উল ফিটৰ। বিশ্বপ্ৰেম আৰু ভাতৃত্ববোধৰ কামনাৰে আজি সমগ্ৰ দেশত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ ঈদ।ঈদগাহ ময়দান সমূহত সমূহীয়া নামাজৰ লগতে ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়।

ঈদ উল ফিটৰ পবিত্ৰ ৰমজান মাহত পালন কৰা হয়। ৰমজান মাহ আৰম্ভ হােৱাৰ দিনৰ পৰা শেষ দিন পর্যন্ত মুছলমান সকলে বেলি ওলােৱাৰ পৰা মাৰ যােৱালৈকে উপবাসে থাকে। ইয়াকে ‘ৰােজা ধৰা বুলি কোৱা হয়। এমাহ এনেভাবে ব্ৰত কৰাৰ পাছত পুনৰ ন-জোন দেখাৰ দিনা এই উৎসৱ পালন কৰা হয়। 

 ঈদৰ দিনা ঈদগাহত সকলােৱে মিলি একেলগে সমূহীয়া নামাজ উপাসনা কৰে। ইজনে-সিজনক আলিঙ্গণ কৰি ঈদ মােবাৰক’ জনায়।

উল্লেখ্য, সকলাে উৎসৱৰে মূল কথা হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা।

ASSAMINDIA
Comments (0)
Add Comment