৫০ফুট দ’ খাঁৱৈত পৰি মৃত্যু ১২জন বাছযাত্ৰীৰ

পুৱতি নিশা চত্তীশগড়ত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। চত্তীশগড়ৰ দুৰ্গ জিলাৰ কুম্হাৰী এলেকাত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৫০ফুট দ’ খাৱৈত পৰি যায় আৰু ১২গৰাকীকৈ লোকৰ মৃত্যু হয়। বাছখনত থকা অন্য যাত্ৰীসকলৰ ভিতৰত ১৫গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।

তথ্য অনুসৰি, নিজৰ কৰ্তব্যৰ পৰা উভতনি যাত্ৰাৰ সময়তে কৰ্মচাৰীৰে ভৰ্তি হৈ থকা বাছখন দুৰ্ঘটনাগ্ৰস্থ হয়। এটা উদ্যোগৰ কৰ্মচাৰী সকলক কঢ়িয়াই অনা এই বাছখনত ৪০ৰো অধিক কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।

ASSAMINDIA
Comments (0)
Add Comment