সন্দেহজনক মুৰ্গী কঢ়িয়াই নিয়া বাহনৰ বিৰুদ্ধে গোলোকগঞ্জৰ আৰক্ষীৰ অভিযান

বহি: ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা সন্দেহজনক মুৰ্গী কঢ়িয়াই নিয়া বাহনৰ বিৰুদ্ধে গোলোকগঞ্জৰ ৰতিয়াদহ বেৰিকেডত আৰক্ষীৰ অভিযান।

অভিযানত দুখনকৈ সোনালী মুৰ্গী কঢ়িয়াই নিয়া গাড়ী জব্দ। বাহন দুখনৰ নম্বৰ
AS 17 C 1994 আৰু AS17 C 7608।

বালাজান আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নজিবুল আহমেদে জব্দ কৰিবলৈ সক্ষম হয় বাহন দুখন। জব্দকৃত বাহন দুখনত প্ৰায় ১ হাজাৰ কেজি সোনালী মুৰ্গী থকাৰ অভিযোগ উত্থাপিত।

গোলোকগঞ্জৰ আৰক্ষীয়ে জব্দকৃত বাহন দুখন পশু চিকিৎসা বিভাগক হস্তান্তৰ কৰে। উল্লেখ্য যে এখন বাহনৰ সোনালী মুৰ্গী হালাকুৰাৰ ৰয় ফিড ছেন্টাৰৰ বুলি জানিব পৰা গৈছে যদিও আন এখন বাহনে কোনো নথিপত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই।

ASSAMgulokganjoINDIA
Comments (0)
Add Comment