কটন বিশ্ববিদ্যালয় আছু গোটৰ আহ্বায়ক সমিতি গঠন

কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত আছু গোটৰ আহ্বায়ক সমিতি গঠন কৰা হয়। কুলদীপ গৌতম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মাধুৰ্য্য মণ্ডিত ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। জাতীয় শ্বহীদক শ্ৰদ্ধাৰ সোঁৱৰণ কৰা সভাখনত মাধুৰ্য্য মণ্ডিত ডেকা, কুলদীপ গৌতম শৰ্মাক মুখ্য আহ্বায়ক আৰু ঋতুৰাজ শইকীয়া, মঞ্জিত বৰ্মন, ত্ৰিদেব নাথ, শংকৰ দাস,অদিতি বৰা, নিকিতা বৰ্মন,অনুৰাগ অধিকাৰী ,নৱজ্যোতি দাসক আহ্বায়ক হিচাপে দায়িত্ব প্ৰদান কৰি আহ্বায়ক সমিতিখন গঠন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিবাহক ৰূপম কুমাৰ দাস জিতেন দাস, সদৌ গুৱাহাটী ছাত্ৰ সন্থা সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক ৰঞ্জিত ডেকা প্ৰমুখ্যে আছুৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকে। আগন্তুক দিনত কটনত আছুৱে বিভিন্ন কাম -কাজ কৰাৰ লগতে সোনকালেই অধিবেশন অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে

ASSAMcotton universityguwahatiINDIA
Comments (0)
Add Comment