কলিযুগত ৰাধাৰ প্ৰেম ! শ্ৰীকৃষ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব এগৰাকী যুৱতী

কৃষ্ণৰ প্ৰেমত মগ্ন এগৰাকী যুৱতী। ২৩ বছৰীয়া শিৱানী লড্ডু গোপাল কৃষ্ণৰ সৈতে বিয়াত বহিব।

বিয়াৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। হোলীৰ পাছতে এপ্ৰিল মাহত বিয়া শিৱানী আৰু লড্ডু গোপালৰ। বৃন্দাৱনৰ পৰা লড্ডু গোপালৰ বাৰাত আহিব শিৱানীৰ বাবে।

শিৱানীৰ এই সিদ্ধান্তত প্ৰথমে পিতৃ-মাতৃয়ে সন্মতি দিয়া নাছিল, যদিও শিৱানীৰ কৃষ্ণ ভক্তিৰ সমুখত অৱশেষত তেওঁলোকে হাৰ মানি যায় আৰু এই বিবাহত মান্তি হয়। পাছে সম্পৰ্কীয় কোনো লোকেই এই বিয়াত একেবাৰে মত দিয়া নাই।এতিয়া ১৫ এপ্ৰিলৰ পৰা বিবাহ কাৰ্য আৰম্ভ হ’ব শিৱানীৰ। ১৫ এপ্ৰিলত হালধী, ১৬ত মণ্ডপ, ১৭ত বাৰাতৰ আগমণ আৰু বিবাহ, ১৮ এপ্ৰিলত বিদাই।

দৰা আহিব বৃন্দাবনৰ পৰা, বিয়া হ’ব গোৱালিয়ৰত এই বিবাহ অনুষ্ঠানত ২৫০ গৰাকী অতিথীৰ আগমণ হ’ব।

ASSAMINDIA
Comments (0)
Add Comment