লক্ষীমপুৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ

ক্ৰমান্বয়ে তুংগত উঠিছে অসম তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ । আজি লক্ষীমপুৰ জিলাত আগন্তুক লোকসভা নিৰ্বাচনৰ অংগীকাৰপত্ৰ আৰু দুটাকৈ নিৰ্বাচনী প্ৰচাৰৰ গীত মুকলি কৰে অসম তৃণমূল কংগ্ৰেছ দলে । সভাপতি ৰিপুণ বৰা আৰু লক্ষীমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ উপস্থিতিত মুকলি কৰা হয় নিৰ্বাচনৰ অংগীকাৰপত্ৰ।
উল্লেখ্য যে, প্ৰতিকূল বতৰকো নেওচি প্ৰায় তিনি সহস্ৰাধিক জনতাৰ সমাগমৰে আজি লক্ষীমপুৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে অসম তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই। লক্ষীমপুৰ লোকসভা সমষ্টিৰ উন্নয়ন আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতিৰে এক সংকল্পপত্ৰও মুকলি কৰে দলৰ সভাপতি ৰিপুণ বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকি দলৰ সভাপতি ৰিপুণ বৰাই কয় যে, “এইবাৰ ৰাইজে বিকল্প বিচাৰিছে। বিজেপিৰ অপশাসনৰ অন্ত পেলাবলৈ ৰাইজে এইবাৰ তৃণমূল কংগ্ৰেছক বিকল্প শক্তিৰূপে বাছি লৈছে। আমাৰ বিশ্বাস এইবাৰ ৰাইজে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰা চাৰিখন আসনতে তেওঁলোকৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰিব আৰু ৰাইজৰ অপ্ৰতিৰুদ্ধ কন্ঠৰূপে বাছি লব”

ASSAMINDIATMC
Comments (0)
Add Comment