অৰবিন্দ কেজৰিৱালক শীঘ্ৰে মুকলি কৰা দাবীত উত্তাল ৰাজধানী দিল্লী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আপে ৷ আজি সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যসূচীৰ ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে ।

শনিবাৰে জাৰি কৰা এক বিবৃতিযোগে আপে কয়, “বিজেপিৰ একনায়কত্ববাদ আৰু অৰবিন্দ কেজৰিৱালক ভুৱা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত কাইলৈ সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা হ’ব । দিল্লীৰ জনসাধাৰণ ওলাই আহি ৰাজপথত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত 28 মাৰ্চলৈকে ছয় দিনৰ ইডি জিম্মাত প্ৰেৰণ কৰে।

আবকাৰী নীতিৰ গোচৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ গ্ৰেপ্তাৰ আৰু 22 মাৰ্চত বিচাৰ আদালতে গৃহীত কৰা জিম্মাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment