আকৌ IPL ৰ উন্মাদনাঃ বৰ্ষাপাৰত অনুষ্ঠিত হ’ব IPL ৰ দুখনকৈ মেচ

আকৌ সেই উন্মাদনা, উত্তেজনা, হাল্লা বোল। আজিৰে পৰা পুনৰ আই পি এল জ্বৰত আক্ৰান্ত হ’ব দেশ। ২২ মাৰ্চৰ পৰা দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ আই পি এল।

আই পি এল মেটৰ বাবে সাজু হৈছে গুৱাহাটী বৰ্ষাপাৰ ষ্টেডিয়াম। গুৱাহাটীৰ বৰ্ষাপাৰৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হব IPL ৰ দুখনকৈ মেচ। পুনৰ গোলপীয়া চহৰত পৰিণত হোৱাৰ দিশে গুৱাহাটী।

বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্বাধিকাৰী ৰঞ্জিত বৰঠাকুৰে জনোৱা মতে বৰ্ষাপাৰত ৰাজস্থানে দুখন মেচ খেলিব।অৱশ্যে কোন দুটা দলৰ বিৰুদ্ধে খেলিব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। যিহেতু ৰাজস্থান ৰয়েলছে জয়পুৰৰ উপৰি গুৱাহাটীক দ্বিতীয় গৃহ চহৰ হিচাপে স্বীকৃতি দিছে, সেই সুবাদতে দুখন মেচ আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে।

উল্লেখ্য যে আই পি এলৰ ২০২৩ছিজনতো দুখন মেচ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। ঘৰুৱা দল ৰাজস্থানে পাঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল।

ASSAMINDIAIPL.
Comments (0)
Add Comment