পদ্মশ্ৰী পাৰ্বতী বৰুৱাক ইউ এছ টি এম সমাজকৰ্ম উৎকৰ্ষ বঁটা-২০২৪ প্ৰদান

প্ৰতি বছৰৰ দৰে এইবাৰো বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ (ইউ এছ টি এম) সমাজ কৰ্ম বিভাগে বিশ্ব সমাজকৰ্ম দিৱস উদযপন কৰে। এই উপলক্ষে আয়োজিত হয় বঁটা প্ৰদান অনুষ্ঠান, বক্তৃতা, নাটক, আৰু সাংস্কৃতিক সন্ধিয়া। এইবাৰৰ সামাজ কৰ্মৰ উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় প্ৰখ্যাত পশু কৰ্মী, ৰাজনীতিবিদ, আৰু ভাৰতৰ প্ৰথম মহিলা মাউত পদ্মশ্ৰী শ্ৰীমতী পাৰ্বতী বৰুৱাক। বঁটা প্ৰদান কৰে ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত শ্ৰী ভাস্কৰ জ্যোতি মহন্তই ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা, টাটা ইনষ্টিটিউট অৱ ছচিয়েল চায়েন্সৰ সহযোগী অধ্যাপক ড০ প্ৰদীপ ৰামাৱথৰ উপস্থিতিত ।
হস্তী কন্যা নামেৰে পৰিচিত শ্ৰীমতী পাৰ্বতী বৰুৱা হৈছে ভাৰতৰ প্ৰথম মহিলা হাতী মাউত যিয়ে ১৪ বছৰ বয়সৰ পৰাই বনৰীয়া হাতীক বশ কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁ ২০২৪ চনত সমাজ কৰ্ম (পশু কল্যাণ)ৰ ক্ষেত্ৰত পদ্মশ্ৰী লাভ বঁটা লাভ কৰিছিল । তেওঁ হাতীৰ সৈতে শতিকা পুৰণি সম্পৰ্ক থকা এটা অসমীয়া জমিদাৰ পৰিয়ালৰ কন্যা। সৰুৰে পৰা তেওঁ হাতীৰ লগত খেলিবলৈ আৰম্ভ কৰিছিল। হাতী মাউত হিচাপে মূল্যৱান বিশেষজ্ঞতা লাভ কৰি বৰুৱাই মানুহ-হাতী সংঘাত লাঘৱ কৰাত নিজকে উৎসৰ্গা কৰিছে। বন্য হাতীক বশ আৰু ধৰাত তেওঁ তিনিখন ৰাজ্য চৰকাৰক সহায় কৰিছে।
ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত শ্ৰী ভাস্কৰ জ্যোতি মহন্তই মুখ্য অতিথি হিচাপে সভাত ভাষণ প্ৰদান কৰে। গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সৰ সহযোগী অধ্যাপক ড০ প্ৰদীপ ৰামাৱথে “বুয়েন বিভিৰ: ট্ৰেন্সফৰ্মেটিভ চেঞ্জৰ ভাগ-বতৰা কৰা ভৱিষ্যত” শীৰ্ষক বিষয়ত মুখ্য ভাষণ প্ৰদান কৰে।
ইউ এছ টি এমৰ সমাজ কৰ্ম বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে “পৰিৱৰ্তনৰ সূতা” শীৰ্ষক এখন নাটক প্ৰদৰ্শন কৰি দৰ্শকক মোহিত কৰি তুলিছিল। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ ৱাল মেগাজিনখনো উদ্বোধন কৰা হয়, যিয়ে উদযাপনৰ আন এক মাত্ৰা সংযোজন কৰে। সমাজ কৰ্ম বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা প্ৰদৰ্শন কৰি এক সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰে অনুষ্ঠানৰ সামৰণি পৰে।

ASSAMINDIAUSTM
Comments (0)
Add Comment