পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে ৫৮ বয়সত জন্ম দিলে সন্তান, পিতৃয়ে শ্বেয়াৰ কৰিলে ফটো

প্ৰসিদ্ধ পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে পুনৰ লাভ কৰিলে মাতৃত্ব। মাতৃ চৰণ কৌৰে ৫৮ বয়সত জন্ম দিলে এটি পুত্ৰ সন্তান। মুছেৱালাৰ পিতৃ বলকৌৰ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে দেৱশিশুটিৰ ফটো ।

বলকৌৰ সিঙে পোষ্টত লিখিছে, ‘‘শুভদীপক ভাল পোৱা লাখ-কোটি আত্মাৰ আশীৰ্বাদত ভগৱানে শুভৰ কণমানি ভাতৃক আমাৰ কোলালৈ পঠিয়াইছে। ভগৱানৰ আশীৰ্বাদত সকলো ঠিকেই আছে আৰু মই সকলো শুভাকাংক্ষীৰ মৰমৰ বাবে কৃতজ্ঞ।’’ সিদ্ধু মুছেৱালাৰ প্ৰকৃত নাম শুভদীপ সিং সিদ্ধু আছিল।

উল্লেখ যে, পঞ্জাবী গায়ক মুছেৱালাক ২০২২ চনত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁ নিজৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। সেইবাবেই পিতৃ-মাতৃয়ে পৰিয়ালৰ উত্তৰাধিকাৰীৰ বাবে আইভিএফ পদ্ধতিৰে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল।

INDIAPUNJABISIDDHU MUSEWALAR
Comments (0)
Add Comment