আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন

লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন। আজি বিয়লি ৩ বজাত ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন।
নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশজুৰি বলৱৎ নিৰ্বাচনী আচৰণ বিধি। এইবাৰো কেইবাটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।
১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। ২০১৯ৰ লোকসভা নিৰ্বাচন ৭টাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল।

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment