IPL ত পুনৰ দেখিবলৈ পাব ঋষভ পন্তক ! ঘোষণা কৰিলে ব’ৰ্ডে

খেলপথাৰলৈ পুনৰ উভতিব ক্ৰিকেটাৰ ঋষভ পন্ত। আইপিএলত খেলিব পাৰিব ঋষভ পন্তে। মঙলবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা এই কথা জনোৱা হৈছে

২০২২ চনৰ ৩০ ডিচেম্বৰত দুৰ্ঘটনাত আহত হৈছিল পন্ত। তেওঁৰ মূৰ, পিঠি আৰু আঁঠুত আঘাত লাগিছিল। অস্ত্ৰোপচাৰো কৰোৱা হৈছিল। প্ৰায় এবছৰ তিনি মাহ পিছত সুস্থ হৈ উঠিছে পন্ত। টি-২০ বিশ্বকাপৰ পূৰ্বে পন্তৰ সুস্থ হৈ উঠাটো ভাৰতৰ বাবে ডাঙৰ প্ৰাপ্তি। আইপিএল ভাল খেলিলে বিশ্বকাপৰ দলত স্থান ল’ব পাৰে পন্তে।

মঙলবাৰে ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হয়, ১৪ মাহৰ পিছত সুস্থ হৈ উঠিছে পন্ত।আইপিএলত উইকেটৰক্ষক-বেটছমেন হিচাপে খেলিব পাৰিব ঋষভ পন্তই।

ASSAMINDIA
Comments (0)
Add Comment