আকাশতে খুলি পৰিল চকা, জৰুৰীকালীন অৱতৰণ

বিমানখন উৰণৰ প্ৰায় লগে লগে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল। উৰন্ত বিমানখনৰ চকা খুলি বাগৰি পৰিল ৰাস্তাত থকা গাড়ীৰ ওপৰত। বয়িং ৭৭৭ নামৰ যাত্ৰীবাহী বিমান এখনে আমেৰিকাৰ এখন প্ৰদেশৰ পৰা জাপানলৈ উৰা মৰাৰ কিছু সময়ৰ পিছতে বৃহস্পতিবাৰে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।
টেক অফৰ পিছতে বিমানৰ চকা খুলি পৰে!ইউনাইটেড এয়াৰলাইন্সৰ এখন বিমান ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰাৰ কেইছেকেণ্ডমানৰ পিছত চকাটো খুলি পৰিছে। বিমানবন্দৰৰ কৰ্মচাৰীৰ গাড়ীৰ ওপৰত পৰে চকাটো।অৱশ্যে ওছাকা অভিমুখী বিমানখনত ২৪৯ জন যাত্ৰী থকাৰ কথা উল্লেখ কৰি ইউনাইটেড এয়াৰলাইন্সে কয় যে বয়িং ৭৭৭ বিমানখনৰ প্ৰতিটো মূল লেণ্ডিং গিয়াৰত ছটা চকা আছিল আৰু ইয়াৰে কিছুমান ক্ষতিগ্ৰস্ত হৈছে যদিও নিৰাপদে অৱতৰণ কৰিব পাৰে

AIRPORTASSAMINDIA
Comments (0)
Add Comment