খেলপথাৰ এৰি ৰাজনীতিলৈ ২ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ, খেলিব নিৰ্বাচন

লোকসভা নিৰ্বাচনক লৈ দেশত ৰাজনৈতিক দলসমূহৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপি আৰু কংগ্ৰেছৰ সমান্তৰালকৈ দেওবাৰে তৃণমূল কংগ্ৰেছ দলেও পশ্চিংমবংগৰ ৪২ খন লোকসভা আসনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ।

এইবাৰ পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব দুগৰাকী বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদ।

পশ্চিম বংগৰ বহৰমপুৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ক্ৰিকেটাৰ ইউছুফ পাঠান। পাঠানৰ নিৰ্বাচনত প্ৰতিদন্দী হ’ব অধিৰ ৰঞ্জন চৌধুৰী। কেৱল ইউছুফ পাঠানে নহয় TMCৰ প্ৰাৰ্থী হ’ব ভাৰতক প্ৰথম বিশ্বকাপ জয়ী কৰোৱা ক্ৰিকেটাৰ কীৰ্তি আজাদ। বৰ্ধমান দুৰ্গাপুৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদ।

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment