কেতিয়া অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মজুৰি বৃদ্ধি পাব

অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বানত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা দিনে ৰাতিয়ে এক ধাৰাবাহিক আন্দোলন চলাই আছে। কেবল মাত্ৰ সামান্য মজুৰিৰ দাবীৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা অঙ্গনৱাড়ী কৰ্মী-সহায়িকা তথা মিনি কৰ্মীয়ে যোৱা ২০২৩ বৰ্ষৰ ১৭ মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলন সংগঠিত কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে ডাবল ইঞ্জিন চৰকাৰ খনে ৰাজ্যখনত ৬২,১৫৩ টা কেন্দ্ৰত থকা লক্ষাধিক কৰ্মী-সহায়িকাৰ বাবে মজুৰি বৃদ্ধিৰ কোনো ঘোষণা নকৰিলে আনকি ৰাজ্যৰ বিজেপি চৰকাৰে বিভাগীয় সঞ্চালকে দিয়া প্ৰস্তাৱক অমান্য কৰি সঞ্চালকক অপমান হে কৰিছে। অকল এয়াই নহয় মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই আন্দোলনকাৰীৰ লগত আলোচনাৰ নামত মাতি নি ৰাজনৈতিক ভাবে ভোটৰ অঙ্ক কৰি দুবছৰ অৰ্থাৎ ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হলে মাননি বৃদ্ধি কৰিম বুলি কৈ প্ৰতাৰণা হে কৰিলে। আন্দোলনকাৰীক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু মাননি বৃদ্ধি নকৰালৈকে অনিৰ্দিষ্ট কাললৈ ধাৰাবাহিক আন্দোলনেৰে অসহযোগ কাৰ্যসূচী আজিলৈকে অব্যাহত ৰাখিছে। কৰ্মী আৰু সহায়িকাৰ এই মাননি বৃদ্ধিৰ গণতান্ত্ৰিক আন্দোলনক খেলিমেলি কৰোৱাৰ বাবে চৰকাৰী পক্ষই উঠিপৰি লাগিছে কিছু তথা কথিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা দ্বাৰাই। ইয়াৰ দ্বাৰাই পুনৰ প্ৰমাণ কৰিলে যে নাৰীয়ে নাৰীৰ শত্ৰু।
অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ চলি থকা অবিৰত আন্দোলনত উপস্থিত থাকি বক্তব্য দাঙি ধৰে চি আই টি ইউৰ ৰাজ্যিক বিষয়ববীয়া বিজন দাসে। অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াৰ লগতে এক সজতি কংগ্ৰেছ কৰ্মীয়ে কৰ্মী-সহায়িকাৰ আন্দোলনক সমৰ্থন কৰি বক্তব্য দাঙি ধৰে। তেখেতসকলে কয় যে বিজেপি চৰকাৰৰ তথা কথিত অমৃত কালতে দিনত দিনে ৰাতিয়ে চচল ধৰ্ণাস্থলীত আজি ১৩ দিন ধৰি চলি থকা অবিৰত আন্দোলনে প্ৰমাণ কৰিলে যে বিজেপি চৰকাৰে নাৰী সৱলীকৰণৰ শ্লোগান ডাঙৰ ডাঙৰ হৰ্ডিঙত হে প্ৰচাৰ কৰিছে। কাৰ্য্যত একো নাই।
অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ধাৰাবাহিক আন্দোলনৰ নেতৃত্বত থাকি ৰাজ্যিক নেত্ৰীবৃন্দই আগন্তুক লোকসভাৰ দিন ঘোষণা কৰাৰ আগতে কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

ASSAMguwahatiINDIA
Comments (0)
Add Comment