কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী, কাজিৰঙাত কি কি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে?

আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজি বিয়লি তেজপুৰ বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাত নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণক লৈ কাজিৰঙা নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী। কাইলৈ পুৱা কাজিৰঙা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰিদৰ্শন কৰিব কঁহৰা বনাঞ্চলৰ মিহিমুখ। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে জংঘল ছাফাৰী গ্ৰহণ কৰিব। ইতিমধ্যেই কাজিৰঙাই কৰ্তৃপক্ষই জীপ আৰু হাতী দুয়োটা ছাফাৰীৰ ব্যৱস্থা কৰিব। প্ৰায় দুঘণ্টামান কাজিৰঙা মনোৰম দৃশ্য উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে।

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাই প্ৰধানমন্ত্ৰীৰ আগমনৰ পিছত নতুন মাত্ৰা লাভ কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰা অনুসৰি ৯ মাৰ্চৰ পুৱা ৫.৩০ বজাত কাজিৰঙা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাজিৰঙাৰ ভ্ৰমণৰ পিছতে নতুন মাত্ৰা লাভ কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰখনে।

এশিঙীয়া গঁড়, বাঘ, হাতী, জলহস্তী, ঘঁৰিয়াল আদিৰে বন্যপ্ৰাণীৰ ৰম্য ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। লগতে প্ৰধানমন্ত্ৰী সাক্ষী হ’ব ‘বিগ ফাইভ’ নামেৰে জনাজাত গঁড়, ৰয়েল বেংগল টাইগাৰ, এছিয়ান এলিফেণ্ট, ৱাইল্ড ৱাটাৰ বাফেলো আৰু শ্বাম্প হৰিণৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩,০০০ গঁড়, ১১০০টা হাতী, শ শ বাঘ আৰু সৰ্বাধিক সংখ্যক এছিয়াটিক বন্য ম’হৰ বাসস্থান। উল্লেখযোগ্য যে এছিয়াটিক বন্য ম’হৰ (Bubalus arnee) বিশ্বব্যাপী জনসংখ্যা ৩৪০০ বুলি অনুমান কৰা হৈছে, ইয়াৰে ৯৫% ভাৰতত আৰু বেছিভাগেই অসমত বাস কৰে।

ASSAMINDIANARENDA MODIPOLITICAL
Comments (0)
Add Comment