গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ “বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা”

গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ “বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা”

– ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে অসম তৃণমূল কংগ্ৰেছৰ । আজি গুৱাহাটীৰ লতাশিলত অৱস্থিত বিষ্ণু-নিৰ্মলা শিশু পুথিভঁৰালত অনুষ্ঠিত হয় কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ “বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা” । আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা “বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা”ৰ অংশৰূপে আজি এই সভা অনুষ্ঠিত কৰে। কামৰূপ মহানগৰ তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাৰ নেতৃত্বত তথা সভাপতিত্বত অনুষ্ঠিত এই সভাত দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ তথা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ উপস্থিত থাকে । কামৰূপ মহানগৰ তৃণমূল কংগ্ৰেছ, কামৰূপ মহানগৰ মহিলা তৃণমূল কংগ্ৰেছ আৰু কামৰূপ মহানগৰ যুৱ তৃণমূল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত প্ৰায় দুই শতাধিক তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাৰ উপস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰৌণকশল প্ৰস্তুত আৰু অন্যান্য সাংগঠিনক ক্ষেত্ৰৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয়।
উক্ত সভাতেই দলৰ সভাপতি ৰিপুণ বৰাই বিৰোধী ঐক্যমঞ্চ, অসমৰ সৈতে হ’বলগীয়া মিত্ৰতাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই। তেখেতে নিজৰ মন্তব্যত কয় যে, “যদি বিৰোধী ঐক্যই তৃণমূল কংগ্ৰেছক সমৰ্থন নিদিয়েও তত্স্বত্তেও অসমত লোকসভা নিৰ্বাচনত এককভাৱে হলেও প্ৰতিদ্বন্দিতা আগবঢ়াব অসম তৃণমূল কংগ্ৰেছে”।

ASSAMINDIA
Comments (0)
Add Comment