টেঙাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

টেঙাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন আজি সৰু অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে টেঙাখাত আঞ্চলিক মুখ্য উপদেষ্টা ত্ৰিদীপ চুতীয়াই ।

উক্ত সভাতেই ধ্ৰুৱজ্যোতি চুতীয়াক সভাপতি, জীৱন্ত ওজাক কাৰ্যকৰী সভাপতি, কৌস্তৱ চুতীয়া আৰু দেৱজিৎ চুতীয়াক উপ সভাপতি, তনময় চুতীয়াক সাধাৰণ সম্পাদক, কৌশিক চুতীয়া আৰু লক্ষ্যজোতি চুতীয়াক সহকাৰী সম্পাদক, জীৱন চুতীয়া,অক্ষয় চুতীয়া, সাগৰ চুতীয়া আৰু বাস্তৱ লাহনক সাংগঠনিক সম্পাদক, জ্বলি চুতীয়া,নুৰী চুতীয়া আৰু তন্ময় চুতীয়াক সাংস্কৃতিক সম্পাদক, ৰবীন চুতীয়া,জয়ন্ত চুতীয়া আৰু মিহিৰ চুতীয়াক প্ৰচাৰ সম্পাদক হিচাপে লৈ ২১ জনীয়া টেঙাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰা হয়।

সভাত চুতীয়া জনগোষ্ঠীৰ গাঁওসমূহত জনজাগৰণৰ সভা অনুষ্ঠিত কৰা, টেঙাখাত টাউনৰ নিচেই কাষতে লাগি থকা সৰু অভয় পুৰীয়া গাঁওৰ মূল পথটো পকীকৰণ কৰাৰ বাবে চুতীয়া ছাত্ৰ সন্থাই অইলক দাবী জনোৱাৰ পাছতো অইলে কোনো গুৰুত্ব প্ৰদান নকৰাত অইলৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জিলা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰাগ খনিকৰ আৰু সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম বৰা আৰু অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী দিপা চুতীয়া ।

ASSAMPOLITICAL
Comments (0)
Add Comment