আন্দোলন তীব্ৰ হ’ব স্পষ্ট কৰিলে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই


আই চি চি ডি এছক ৰক্ষা কৰা আৰু কৰ্মী সহায়িকাক মাননি সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰা লৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলা অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘট আজি সপ্তম দিন অতিক্ৰম কৰিলে। প্ৰতিদিনে হাজাৰ হাজাৰ কৰ্মী সহায়িকা মুকলি আকাশৰ তলত দিবানৈশ অৱস্থান ধৰ্মঘট কৰি থকাৰ পিছতো অসমৰ বিজেপি চৰকাৰে কোনো সঁহাৰি জনোৱা নাই।


যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক ভাৱে চছলত চলাই থকা ধৰ্মঘটৰ অন্ততঃ আজি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে সংগঠনটোৰ নেতৃবৃন্দক সমাজ কল্যাণ মন্ত্ৰীয়ে আমন্ত্ৰণ জনায় যদিও এই আলোচনা ভেকোভাওনত পৰিণত হয়। মন্ত্ৰীয়ে কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বিষয়টো পিছত বিবেচনা কৰিব বুলি জনাই। এনে পৰিস্থিতিত আন্দোলনৰত কৰ্মী সহায়িকা সকল ক্ষোভিত হৈ পৰে। বিক্ষোভকাৰী সংগঠনটোৰ ৰাজ্যিক সভাপতি জয়মতী দাস আৰু ইন্দিৰা নেৱাৰে জনাই যে


চৰকাৰৰ ভূমিকাত অসমৰ অঙ্গনৱাড়ী কৰ্মী সহায়িকা সকল ক্ষোভিত হৈছে। সেয়ে আন্দোলন অব্যাহত থাকিব প্ৰকল্পই প্ৰকল্পইয়ো চলি থাকিব আন্দোলন অব্যাহত থাকিব চৰকাৰী সকলো কামত অসহযোগত।
ইপিনে আজি অসম ৰাজ্যিক কৃষক সভাৰ টিকেন দাস, মচদ্দৰ হুছেইন, এ আই টি ইউ চি চক্ৰেশ্বৰ কলিতা, এ আই চি চি টি ইউৰ পংকজ দাস, চি আই টি ইউৰ ৰাজ্যিক উপ সভাপতি নগেন চুতীয়া, জেচিটি ইউৰ দীনেশ শৰ্মা, বেংক এম্প্লয়ী ফেডাৰেচন অফ ইণ্ডিয়াৰ নীৰেন শৰ্মা, অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ নিৰ্বৰণ পাটগীৰিয়ে চছলৰ অৱস্থান কাৰ্যসূচীত অংশ লয় আৰু বিক্ষোভকাৰী কৰ্মী সহায়িকাক উদ্দেশ্যি বক্তব্য ৰাখে। বক্তাসকলে চৰকাৰৰ ভুমিকাক তীব্ৰ সমালোচনা কৰে।

ASSAMINDIA
Comments (0)
Add Comment